Sunday, 28 July 2019

পৰিভ্ৰমী পখী

শীতৰ সাৱতি সখী               প্ৰভাততে দিলা মাত 
               উৰে ৰাতি বাট - কুৰি বাই ,
আকাশতে দিলা মাত            সাউৎকৰে ওলাল বাজ 
                থৰ লাগো তোমাৰ ৰুপ চাই। 
বহুদিন নাশুনা গীতে              মন মোৰ নিলা হৰী
                পোৱাৰ টোপনিত নাই ৰাগ,
তোমাৰ গতিত মনে               খোজ দিয়ে আগলৈ
                  বিচাৰি সুখ - দুখৰ ভাগ।
বিলৰ মজিয়াত বহি                 ভাগৰ পখিলা হাঁহি
                   লাহে লাহে পখালিলা দেহা,
মনৰ দুৱাৰ খুলি                     সোণালী বতৰা দিলা
                    এৰি অহা সুদূৰৰ বহা।
সময় বাগৰি গৈ মনলৈ                বিষাদ আহিল
                  দেখো দেশত সুৰক্ষা কমিছে,
বিল-বগৰ শুকাইছে                 নিৰাপদ গাঠনি নাই
                  অকালতে পখীবোৰ মৰিছে।
জীৱ শ্ৰেষ্ঠ মানুহে                  পখীক নাশিছে নিতে
                  ভয় ভাৱে কৰিছে আমনি,
ধৰাৰ বুকুত বাৰু                   পখীকুল কমি গলে
               কোনে দিব ঋতুৰ জাননী ?
    

Thursday, 25 July 2019

কথা কোৱা গুহা

                          কথা কোৱা গুহা 



   এখন অৰণ্যত মন্দমতি নামৰ এটা সিংহ আছিল। সিয়েই আছিল সেই অৰণ্যৰ ৰজা। এদিনাখন দিনৰ দিনটো ঘূৰিও মন্দমতিয়ে ক'তো জন্ত এটা চিকাৰ কৰাৰ সুবিধা নাপালে। পেটেও তাৰ কলমলাইছে। জাৰৰ দিন। বেলিও সোনকালে বুৰ যাবলৈ ওলাইছে। মন্দমতিয়ে ভোকে - ভাগৰে গৈ এটা প্ৰকাণ্ড গুহাৰ ওচৰ পালে। সি গুহাটোৰ ভিতৰলৈ ভুমুকিয়ালে। কাকো নেদেখি সি ভিতৰলৈ সোমাই গ'ল আৰু ভাবিলে, হাবিৰ মাজত ইমান ধুনীয়া উম লগা গুহাটোত নিশ্চয় কোনোবা জন্ত থাকে! গতিকে অতি সোনকালে ইয়ালৈ কোনো জন্ত নিশ্চয়কৈ আহিব। মই ইয়াতেই চোপ লৈ থাকোঁ, আন্ধাৰত কোনেও মোক নেদেখে। যিয়ে এই গুহাটোত সোমাব তাকেই মই আজি খাম। এইবুলি সি সাৰ - সুৰ নোহোৱাকৈ গুহাটোত সোমাই থাকিল।
      কিছু সময় পাছত সন্ধিয়া নামিল। সেই গুহাটোৰ মুখলৈ আহিল তীখৰ নামৰ শিয়াল এটা। সিয়েই আছিল সেই গুহাটোৰ গৰাকী। তীখৰ নাম যেনে কামো তেনে। সি বৰ বুধিয়ক , আগতে নভবাকৈ একো কাম নকৰে। আগদিনাৰ দৰে সিদিনাও সি গুহাৰ ভিতৰলৈ সোমোৱাৰ আগতে গুহাটোক মাত লগালে, হেৰা গুহা..., হেৰা গুহা...। আজিচোন তোমাৰ মাত - বোল নাই। তুমিয়েই দেখোন সদায় কোৱা যে ক'ৰবালৈ গ'লে বা ক'ৰবাৰ পৰা আহি পালে তোমাক মাত লগাব লাগে। পুৱাটো তুমি বৰ মৰম লগাকৈ মাত লগাইছিলা। এতিয়ানো কি হ'ল তোমাৰ! অ' বুজিছোঁ জাৰৰ দিনত সন্ধিয়ালৈ ঘূৰি ফুৰা বাবে তোমাৰ খং উঠিছে! কালিও পলম হোৱা বাবে তোমাৰ অলপ খংউঠিছিল হয়। তুমি মোক এটা ধমকো দিছিলা, কিন্তু পিছত তুমি যে কৈছিলা, আজি যি হ'ল হ'ল তীখৰ! আজিৰ পৰা দেৰি নকৰিবা । বাহিৰত বৰ জাৰ পৰিছে, আহাঁ আহাঁ সোনকালে ভিতৰলৈ আহাঁ । কথাকেইষাৰ শুনি মোৰ বৰ ভাল লাগিছিল । তুমি যে মোক ইমান মৰম কৰা ! আজিনো পিছে কিবা এষাৰ নোকোৱা কিয়? এনেদৰে মাতবোল নকৰিলে মোৰ কিয় দেৰি হ'ল তাকে তোমাক কওঁনো কেনেকৈ? যোৱা! ময়ো আজি ভিতৰলৈ নোসোমাওঁ। আজি ৰাতি গাঁততে থাকিম। 
        তীখৰৰ কথা শুনি গুহাৰ ভিতৰত থকা মন্দমতিয়ে ভাবিলে- এই গুহাটোৱে নিশ্চয় তাক আদৰি মাতে। আজি মোৰ ভয়তহে গুহাটোৱে মতা নাই। ময়ে তাক মাত লগাওঁ , নহ'লে সি গাঁতত সোমাব্ও পাৰে। গাঁতত সোমালে ম্ই আৰু তাক ধৰিব নোৱাৰোঁ। এইবুলি মন্দমতিয়ে তীখৰক আদৰি মাত লগালে। মন্দমতিৰ মাতত গুহাৰ ভিতৰখন গমগমাই উঠিল। সেই ভয়কৰ মাত শুনি বুধিয়ক তীখৰ তাৰ পৰা পলাই পত্ৰং দিলে।। 

জীৱন পৰিক্ৰমা

                       জীৱন পৰিক্ৰমা


সময়ে ক'লে মোৰ জীৱনৰ জীৰ্ণতাৰ কথা
আৰু ক'লে এৰি অহা সময়ৰ জীৱন গাঁথা।

উমালতাৰে পাৰি দিছিলো জীৱন- যৌৱন
কল্পনাৰ মায়াডোলেৰে ভৰিছিল সাংসাৰিক বন্ধন।

মোৰ কতৃত্বৰ পৰিধিৰে ভাবিছিলো সাংসাৰিক বেথা
সময়ে ক'লে মোৰ জীৱনৰ জীৰ্ণতাৰ কথা।

এতিয়া জীৱন ৰথৰ মুণিচুনি বেলা
আপোন সৃষ্ট পৰিয়ালে কৰে দুঘোৰ্ৰ অৱহেলা।

মোৰ কতৃত্বৰ সংসাৰত এতিয়া মাথো পৰিচিত কায়া
অস্তমিত সূৰুযৰ লুকাভাকু ছায়া।

কতৃত্ব, দায়িত্ব সকলোতে আজি
কাৰো নাই গুৰুত্ব মই যে আবেলিৰ বেলি।

এয়ে সত্য জীৱন পৰিক্ৰমাৰ
জীৱন চক্ৰ ঘূৰে দুনিবাৰ ।


Tuesday, 23 July 2019

বিদায়ৰ বেলিকাত

                    বিদায়ৰ বেলিকাত

ফুলৰ কলিৰ দৰে তোমাৰ ওচৰলৈ আহিছিলো
আলফুলীয়া এটি শৰীৰ লৈ
তুমি মোক দিলা এক পূণাংগ ৰুপ
বিলাল সুবাস এপাহ মনোমোহা ফুল হৈ,

তোমাৰ ওচৰলৈ এদিন আহিছিলো মই
এটি সামান্য ঋতু হৈ
কমাৰৰ দৰে গঢ়িলা তুমি মোক
জেউতী চৰাব পৰাকৈ ,
তুমি মোক শিকাইছিল (অতীতক নাযাবা পাহৰি)
আজি তুমি মোৰ বাবে অতীত
মোৰ মন বিপন্ন হৈছে তোমাৰ সান্নিধ্য বিচাৰি
মই কেতিয়াও পাহৰিব নোৱাৰো জীৱনত তোমাৰ সঁহাৰি
আজি তুমি মোৰ ওচৰত নাই
কিন্তু তোমাৰ ছাপ আজিও মোৰ ওচৰত
তুমি দিয়া জ্ঞান সমূহ ৰাখিম মই সযতনে
শেষ বাৰৰ বাবে সেৱা জনালো,
পাৱে পৰি তোমাৰ চৰণত। 

নিজান ৰাতি ধৰিএীৰ কান্দোন

                 নিজান ৰাতি ধৰিএীৰ কান্দোন 
এটি নিজান ৰাতি কাৰোবাৰ উচুপনি শুনিছো
অ এয়া চোন ধৰিএী আইৰ কান্দোন
কোন পথে গমন কৰিব
দিশহৰা পথহৰা হৈ
আজি ধৰিএী আই বিপদত পৰিছে
আজি বিপদ হৈছে প্ৰবীন নবীন দুয়োৰে
হে প্ৰবীন , নবীন দুয়ো আগবাঢ়ি আহা ।
আমি ধৰিএী আইক উদ্ধাৰ কৰো ।
আজি বিজ্ঞান আৰু প্ৰযুক্তিৰনন সাজেৰে
পৃথিৱীখনক সজাইছে
বৰ্তমানৰ জীৱীয় , অজীৱীয় , কঠিন,  জুলীয়া
সকলো সম্পদ লুন্ঠন কৰি
ধৰিএী আইক জুৰুলা কৰি পেলাইছে।
প্ৰবীন,নবীন আহা দুয়োচামে আগুৱাই আহি
জীৱ হত্যাৰোধ কৰি, গছ-পুলি ৰুই প্ৰদূষণমুক্ত কৰি
ধৰিএী আইৰ কান্দোন বন্ধ কৰোঁ ।
আইক উদ্ধাৰ কৰো
উওৰ পুৰুষৰ জগতখন সুন্দৰ কৰো ।

গোলাপ পাহি

                             গোলাপ পাহি 

মৰমৰ গোলাপ পাহি
তুমি যে ইমান লাহি
আছে যে তোমাৰ সুগন্ধি
থাকা যে তুমি জিলিকি
তুমি যে ফুলা ডাল ভৰি ভৰি
বতাহতো যে পাওঁ তোমাৰ সুগন্ধি ,
তোমাক দেখা পালেই মন পৰে ভৰি
তথাপিও চাওঁ তোমাক এবাৰ আহি
মৰমৰ গোলাপ পাহি। 

Sunday, 21 July 2019

গলিবলৈ ধৰিছে সোণৰ অসম

                  গলিবলৈ ধৰিছে সোণৰ অসম 
                               শংকৰ আজানে                                               
                    গঢ়া সোণৰ অসম আজি আৰু নাই
                           জাতি, মাটি আৰু ভেটি
      এতিয়া বিক্ৰী হব'লেহে বাকি                                 ৰাজনৈতিক,অৰ্থনৈতিক,সামাজিক,প্ৰাকৃতিকদুযোগেৰে
                             জৰ্জৰিত অসমখন,
                           প্ৰতি বছৰে আহে বান,
                   আৰু অসমী আইক কৰে থানবান
    এই সমস্যাৰ মাজতে অসমীয়াৰ এটাই আশা আকৌ সুধাকণ্ঠৰ সুৰৰ সেতুৰে বান্ধিব লুইতৰ দুয়োপাৰ    ৰসৰাজ,জ্যোতি ,বিষ্ণুৰ আদৰ্শৰে অসমীয়া
                       ডেকাই ৰাখিব আই অসমীৰ মান।                                         
                                                          
         
                   
                   

Saturday, 20 July 2019

পুৱতিৰ আকুলতা

                          পুৱতিৰ আকুলতা 
                              শ্যামলী পাতৰ
                       আৰেঁ আৰেঁ জিলিকি থকা
                     টোপাল টোপাল নিয়ৰ তুমি।
                        পৰিস্ফুত গগণৰ তলত
                            বিয়পি পৰা ৰেঙণি
                          মধু চক্ৰত ওমলি থকা
                          আগমণৰ দলিল তুমি
                       নতুন সাজত নতুন ৰুপত
                  মিঠা সুবাসেৰে বিৰাজমান তুমি।
                  প্ৰতিটো জীৱনৰ আশাৰ ছায়াত
                        পোহৰ আবিভাৱ তুমি
            অৰ্থহীন জীৱনত নতুন হেঁপাহ জগোৱাৰ
                         এটি আশাত তুমি
                  অলেখ সপোনৰ বাস্তৱ তুমি
                         এটি মিঠা পুৱা তুমি ।
      

লক্ষ্য

                                                               লক্ষ্য                   
             দৃঢ় কৰো মই মোৰ বিশ্বাস 
              নেৰো কেতিয়াও অধ্যৱসায়
               নহও কেতিয়াও উদাসীন কোনো কামত  
                কেতিয়াও নহও  হতাশ। 
             সৌৱ৷! সুদূৰত আছে মোৰ লক্ষ্য 
            যিয়ে মাতি আছে মোক হাত বাউলি 
             এখোজ দুখোজ কৰি মই আগুৱাই যাওঁ
             যাওঁ মোৰ লক্ষ্যৰ কাষলৈ 
              যদিও উজুতি খাওঁ তথাপি নাহো উভতি 
              জীৱনৰ সকলো ঘাত-প্ৰতিঘাত নেওচি 
              যাওঁ মই মোৰ লক্ষ্যৰ পথত 
              পবতৰ শিখৰত ৰৈ আছে মোৰ লক্ষ্য 
              যাওঁ মই  আগুৱাই, 
              আৰু মাথো দুখোজৰ বাট 
              মোৰ জীৱনৰ এই পথটিৰে 
              মই পাৰিম আগুৱাই যাব, একমাত্ৰ 
              বিশ্বাস আৰু চেষ্টা 
              যাওঁ মই মাথো এক ধ্যানত , 
              যাওঁ মাথো মই মোৰ লক্ষ্যৰ সন্ধানত 
               প্ৰাণ-মন একাকাৰ কৰি যাওঁ 
               মই আগুৱাই।। 
              

Mini tor piche piche song

Mini tor piche piche by achurjy borpatra                     Download : https://youtu.be/PjHOaWZYqbs Vl pb njnilu by papon Downl...