শীতৰ সাৱতি সখী প্ৰভাততে দিলা মাত
উৰে ৰাতি বাট - কুৰি বাই ,
আকাশতে দিলা মাত সাউৎকৰে ওলাল বাজ
থৰ লাগো তোমাৰ ৰুপ চাই।
বহুদিন নাশুনা গীতে মন মোৰ নিলা হৰী
পোৱাৰ টোপনিত নাই ৰাগ,
তোমাৰ গতিত মনে খোজ দিয়ে আগলৈ
বিচাৰি সুখ - দুখৰ ভাগ।
বিলৰ মজিয়াত বহি ভাগৰ পখিলা হাঁহি
লাহে লাহে পখালিলা দেহা,
মনৰ দুৱাৰ খুলি সোণালী বতৰা দিলা
এৰি অহা সুদূৰৰ বহা।
সময় বাগৰি গৈ মনলৈ বিষাদ আহিল
দেখো দেশত সুৰক্ষা কমিছে,
বিল-বগৰ শুকাইছে নিৰাপদ গাঠনি নাই
অকালতে পখীবোৰ মৰিছে।
জীৱ শ্ৰেষ্ঠ মানুহে পখীক নাশিছে নিতে
ভয় ভাৱে কৰিছে আমনি,
ধৰাৰ বুকুত বাৰু পখীকুল কমি গলে
কোনে দিব ঋতুৰ জাননী ?
বিচাৰি সুখ - দুখৰ ভাগ।
বিলৰ মজিয়াত বহি ভাগৰ পখিলা হাঁহি
লাহে লাহে পখালিলা দেহা,
মনৰ দুৱাৰ খুলি সোণালী বতৰা দিলা
এৰি অহা সুদূৰৰ বহা।
সময় বাগৰি গৈ মনলৈ বিষাদ আহিল
দেখো দেশত সুৰক্ষা কমিছে,
বিল-বগৰ শুকাইছে নিৰাপদ গাঠনি নাই
অকালতে পখীবোৰ মৰিছে।
জীৱ শ্ৰেষ্ঠ মানুহে পখীক নাশিছে নিতে
ভয় ভাৱে কৰিছে আমনি,
ধৰাৰ বুকুত বাৰু পখীকুল কমি গলে
কোনে দিব ঋতুৰ জাননী ?
