লক্ষ্য
দৃঢ় কৰো মই মোৰ বিশ্বাস
নেৰো কেতিয়াও অধ্যৱসায়
নহও কেতিয়াও উদাসীন কোনো কামত
কেতিয়াও নহও হতাশ।
সৌৱ৷! সুদূৰত আছে মোৰ লক্ষ্য
যিয়ে মাতি আছে মোক হাত বাউলি
এখোজ দুখোজ কৰি মই আগুৱাই যাওঁ
যাওঁ মোৰ লক্ষ্যৰ কাষলৈ
যদিও উজুতি খাওঁ তথাপি নাহো উভতি
জীৱনৰ সকলো ঘাত-প্ৰতিঘাত নেওচি
যাওঁ মই মোৰ লক্ষ্যৰ পথত
পবতৰ শিখৰত ৰৈ আছে মোৰ লক্ষ্য
যাওঁ মই আগুৱাই,
আৰু মাথো দুখোজৰ বাট
মোৰ জীৱনৰ এই পথটিৰে
মই পাৰিম আগুৱাই যাব, একমাত্ৰ
বিশ্বাস আৰু চেষ্টা
যাওঁ মই মাথো এক ধ্যানত ,
যাওঁ মাথো মই মোৰ লক্ষ্যৰ সন্ধানত
প্ৰাণ-মন একাকাৰ কৰি যাওঁ
মই আগুৱাই।।
No comments:
Post a Comment